মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs লিগেল মেট্ৰোলজীৰ নিয়ন্ত্ৰক

সঘনাই উত্থাপন হোৱা প্ৰশ্ন

১) ওজন আৰু মাপৰ সৈতে কোনে কাম কৰে?
আইনী পৰিমাপ বিভাগ যাক প্ৰথম অৱস্থাত ওজন আৰু মাপ বিভাগ বুলি জনা গৈছিল।

২) কত ওজন আৰু মাপ পৰীক্ষা আৰু মুদ্ৰাংকন কৰা হয় ?
ওজন আৰু মাপৰ পৰীক্ষা আৰু মুদ্ৰাংকন আইনী পৰিমাপৰ অধিক্ষকৰ কাৰ্যালয়ত বা কোনোবা নিয়ন্ত্ৰকৰ দ্বাৰা অনুমোদিত আৰু অধিক্ষকৰ দ্বাৰা আয়োজিত শিবিৰত কৰা হয়। অৱশ্যে, নিজৰ ঠাইৰ পৰা লৰচৰ কৰিব নোৱাৰা বস্তুৰ ওজন আৰু মাপৰ পুনৰীক্ষণ সেই ঠাইতে কৰা হয়।

৩)W আৰু M আইন কি  ? এই আইন সমূহৰ প্ৰভাৱৰ প্ৰয়োজনীয়তা কি ?
ই নিৰ্দিষ্ট মানৰ পৱৰ্তন আৰু সমগ্ৰ দেশতে W আৰু M ত সংযুক্ত বিষয়ত সমতা সুনিশ্চিত কৰে। চৰকাৰৰ অধিনিয়ম অনুসৰি-
আইনী পৰিমাপ আইন, ২০০৯:
আইনী পৰিমাপ ( পেকেটিং পন্য সামগ্ৰী) নিয়ম, ২০১১:
আইনী পৰিমাপ (সাধাৰণ) নিয়ম,২০১১
আইনী পৰিমাপ (মডেলৰ অনুমোদন) নিয়ম,২০১১
আইনী পৰিমাপ (ৰাষ্ট্ৰীয় মানসম্পন্ন) নিয়ম,২০১১
আইনী পৰিমাপ (নামাংকৰণ) নিয়ম,২০১১
আইনী পৰিমাপৰ ভাৰতীয় প্ৰতিষ্ঠান  নিয়ম,২০১১
অসম আইনী পৰিমাপ (বলবত) নিয়ম,২০১১

৪) ওজন আৰু মাপৰ উৎপাদন, বিক্ৰী বা মেৰামতিৰ বাবে কিবা অনুজ্ঞা পত্ৰ আছেনে ?
হয়, বিভাগে ওজন আৰু মাপৰ উৎপাদন, বিক্ৰী বা মেৰামতিৰ বাবে কিবা আৰু ওজন বা ওজন জোখা সজুলিৰ বিক্ৰীৰ বাবে অনুজ্ঞা পত্ৰৰ ব্যৱস্থা ৰাখিছে।

৫) গ্ৰাহকে কেনেদৰে গম পাব যে ওজন বা মাপ নিৰ্দিষ্ট কৰি দিয়া মান সম্পন্ন হ. নে নহয় ?
পৰীক্ষণৰপিছত Wআৰু Mবিভাগৰ দ্বাৰা অধিক্ষকৰ পৰিচয় থকা বিশেষ ভাৱে তৈয়াৰী ছিলেৰে মুদ্ৰাংকিত প্ৰতিটোWআৰু M ৰ বিক্ৰেতাই ব্যৱহাৰ কৰিব যিটো বছৰত বা তিনিমাহত পৰীক্ষণ কৰি থোৱা থাকিব। যাৰ ম্যাদ ওজন, মাপ ক্ষমতা, দৈৰ্ঘৰ মাপ, টেপ, বীম স্কেল আৰু কাউন্টাৰ মেচিনৰ বাবে চব্বিছ মাহ, জমা ৰখা টেংকৰ বাবে ষাঠি মাহ আৰু লৰি টেংক, স্প্ৰীং বেলেঞ্চ, ইলেকট্ৰিক বেলেঞ্চ, উৱেট ব্ৰিডজ, ডিছপেনচিং পাম্প, অ’ট’ ৰিক্সা ভাড়া মিটাৰ আদিৰ বাবে বাৰ মাহ । তাৰোপৰি ব্যৱহাৰকাৰীৰ বাবে পৰীক্ষণ প্ৰমাণপত্ৰ প্ৰদান কৰা হব যিটো ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট ঠাইত দেখুৱাব লাগিব যাতে গ্ৰাহক এজনে নিশ্চিত হব পাৰে সেই ওজন বা মাপ নিৰ্দিষ্ট মানসম্পন্ন হয় নে নহয় ।

৬) অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে উপযুক্ত কৰ্তৃপক্ষ কোন ?
আইনী পৰিমাপ, অসমৰ নিয়ন্ত্ৰক অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে উপযুক্ত কৰ্তৃপক্ষ । অনুজ্ঞাপত্ৰৰ বাবে আৱেদন প্ৰ-পত্ৰ পোনপতিয়াকৈ বা আইনী পৰিমাপৰ সহ-নিয়ন্ত্ৰক/অধিক্ষকৰৰ দ্বাৰা দাখিল কৰিব লাগিব। ৰাজ্যখনত আইনী পৰিমাপৰ ১৬ টা সহ নিয়ন্ত্ৰকৰ আৰু ৩৩ টা কাৰ্যালয় আছে।

৭) পেকিং কৰোতা কোন ?
যিকোনো বটল, টিং, কাগজ বা আন কোনো এককত সামগ্ৰীবোৰ সুবিধাজনককৈ বিক্ৰীৰ বাবে সাজু কৰোতাসকলেই হল পেকিং কৰোতা। এই পেকিং কৰোতা সকলে নিজৰ নাম বিভাগত পঞ্জীয়ন কৰিব লাগে।

৮) পূৰ্বতে পেকিং কৰা সামগ্ৰী মানে কি ?
পূৰ্বতে পেকিং কৰা সামগ্ৰী মানে হল- কিনোতাৰ অনুপস্থিত বিভন্ন প্ৰকাৰত, মুখবন্ধ বা মুখবন্ধ  নোহোৱাকৈ পূৰ্ব নিৰ্ধাৰিত পৰিসংখ্যাত সামগ্ৰীৰ পেকিং কৰাই হল পূৰ্ব পেকিং ।

৯) এজন বিক্ৰেতাই সৰ্বোচ্চ খুচৰা মূল্যতকৈ আইনগত ভাবে অধিক মূল্য লব পাৰেনে ?
নোৱাৰে,অধিক মূল্য লোৱাতো এটা অপৰাধ আৰু ব্যৱসায়ীজন শাস্তিৰ মুখামুখীও হব পাৰে।