মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs লিগেল মেট্ৰোলজীৰ নিয়ন্ত্ৰক

আইন আৰু নিয়মাৱলী

আইনী পৰিমাপ আইন, ২০০৯: এইখন কেন্দ্ৰীয় আইন যাক ওজন আৰু মাপৰ এটা সুনিৰ্দিষ্ট মাপ নিৰ্দ্ধাৰণ, ওজন আৰু মাপৰ আন আন সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱসায়ৰ নিয়মীয়াকৰণ কৰিবৰ বাবে প্ৰস্তুত কৰা হৈছিল যিবোৰ বিক্ৰী আৰু বিতৰণ ওজন বা মাপৰ ওপৰত ভিত্তি কৰি কৰা হয়|

আইনী পৰিমাপ (পেকেটিং পন্য সামগ্ৰী) নিয়ম, ২০১১: এয়া এক নিয়ম যাক আইনী পৰিমাপ আইন, ২০০৯ ৰ অধিনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে| যাৰ দ্বাৰা পেকেটিং সামগ্ৰীৰ সুনিৰ্দিষ্ট মাপ আৰু সংখ্যাৰ ব্যৱস্থা কৰা হয়|

অসম আইনী পৰিমাপ (বলবত) নিয়্ম, ২০১১: এই নিয়ম ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে যাৰ দ্বাৰা (ক) ওজন আৰু মাপৰ পৰীক্ষণ আৰু মুদ্ৰাংকনৰ বাবে প্ৰয়োজনীয় খৰচ (খ) যিকোনো ধৰণৰ বিৰোধৰ সুব্যৱস্থা কৰিবৰ বাবে প্ৰয়োজনীয় খৰছ (গ) প্ৰপত্ৰ, ৰীতি-নীতি, পৰিৱেশ, সময়, কৰ্মক্ষেত্ৰৰ পৰিসৰ আৰু আইনৰ অধিনত অনুজ্ঞাপত্ৰৰ বাবে প্ৰয়োজনীয় মূল্য (ঘ) ওজন আৰু মাপৰ উদ্ভাৱক, মেৰামতি কৰোতা আৰু বিক্ৰেতাৰল দ্বাৰা পঞ্জীয়ন আৰু নথিৰ নিয়মিত চোৱাচিতা কৰা

আইনী পৰিমাপ (সাধাৰণ) নিয়্ম, ২০১১: এই নিয়ম কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা তৈয়াৰ কৰা হৈছে যাৰ দ্বাৰা ওজন আৰু মাপৰ বিস্তৃত বিৱৰণ, পুনৰীক্ষণৰ সময়, পৰীক্ষণৰ বাবে প্ৰয়োজনীয় পৰীক্ষাৰ প্ৰণালী আদি (খ) আইনী পৰিমাপ বিষয়াৰ অৰ্হতা (গ) বাজেপ্ত কৰা সামগ্ৰীৰ বিষয় নিস্পত্তি (ঘ) কোম্পানীৰ দ্বাৰা সঞ্চালকৰ মনোনয়ণৰ বাবে প্ৰপত্ৰ আৰু ঘোষণা পদ্ধতি

আইনী পৰিমাপ (নামাংকৰণ) নিয়ম, ২০১১: এই নিয়ম কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে যাৰ দ্বাৰা নামাংকৰণ লিখা আৰু তৈয়াৰ কৰা পদ্ধতি সাজু কৰা হয়|

আইনী পৰিমাপ (ৰাষ্ট্ৰীয় মানসম্পন্ন) নিয়ম, ২০১১: এই নিয়ম কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে যাৰ দ্বাৰা (ক) মাপৰ ভিত্তি একক আৰু ভৰৰ ভিত্তি একক বিস্তৃত বিৱৰণ (খ) আন আন নিৰ্ধাৰিত মান (গ) নিৰ্দিষ্ট মাপৰ পুনৰীক্ষণৰ সময়

আইনী পৰিমাপ (মডেলৰ অনুমোদন) নিয়ম, ২০১১: এই নিয়ম কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে যাৰ দ্বাৰা পদ্ধতি, মূল্য আৰু ওজন, মাপ আৰু মাপ জোখাৰ সজুলিৰ মডেল অনুমোদনৰ কৰ্তৃপক্ষ ব্যৱস্থা কৰা হয় |

আইনী পৰিমাপৰ ভাৰতীয় প্ৰতিষ্ঠান নিয়ম, ২০১১: এই নিয়ম কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে যাৰ দ্বাৰা কাকে, ৰাঁছি (ঝাৰখন্ড)ত থকা ভাৰতীয় আইনী পৰিমাপ প্ৰতিষ্ঠানৰ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা পদ্ধতিৰ ব্যৱস্থা কৰা হয় |